Site icon Bhoomika Bharat News

এইবাৰ অসমৰ যোৰহাট লোকসভা সমষ্টিত সৰ্বানন্দ সোনৱালৰ বিৰুদ্ধে যূঁজ দিবলৈ সাজু লুৰীণজ্যোতী গগৈ

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু অসমৰ প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনৱালৰ বিপক্ষে ২০২৪ অৰ নিৰ্বাচনত যূঁজ দিবলৈ সাজু হৈছে; I.N.D.I.A গোঠবন্ধনে উক্ত লোকসভাত সৰ্বানন্দ সোনৱালৰ প্ৰতি এই বুলি প্ৰচাৰ চলাই আছে যে, সৰ্বানন্দ সোনৱালে হেনো মুখ্যমন্ত্রীত্ব থকা কালত ‘কা'(CAA) জাপি দি “জাতীয় খলনায়ক” পৰিচয় পাইছে অসমৰ জনতাৰ মাজত। সেয়েহে এইবাৰ জাতীয় খলনায়ক গৰাকীক প্ৰত্যাবান জনাবলৈ লুৰীণজ্যোতিৰ দৰে কট্টৰ জাতীয়তাবাদী শিবিৰৰ পৰা আহা নেতাক I.N.D.I.A গোঠবন্ধনে যোৰহাটত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি কোনো ভূল কৰা নাই বুলি দাবী ইণ্ডি এলায়েঞ্চৰ। ইণ্ডি এলায়েঞ্চৰ দাবী লুৰীণজ্যোতীৰ এই যাত্রাক শাসক বিৰোধী ১৬ টা দলে আন্তৰিকতাৰে আদৰি লৈছে বুলি I.N.D.I.A গোঠবন্ধনে আশা প্ৰকট কৰিছে।আছুৰ প্ৰাক্তন সম্পাদক লুৰীণজ্যোতিয়ে ক্ষমতাৰ বাবে সহজ পথ লোৱা নাই বুলি বিজেপি বিৰোধী ৰাজনৈতিক শিবিৰৰ দাবী। উল্লেখনীয় যে I.N.D.I.A মিত্ৰ দলে যদিও জয়ৰ আশা প্ৰকাশ কৰিছে, কিন্তু এই আশা কিমাান দূৰ ফলপ্ৰতো হব সেয়া লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেহে যোৰহাটবাসী ৰাইজৰ সন্মূখলৈ আহিব।

Exit mobile version